Local, Vocal, Global

Drugs Peddler Arrested : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

হাজো, ১জুন’: সমগ্ৰ ৰাজ্যতে অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী(Assam Police Drive Against drugs)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সস্তম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান।

ৰাজ্যত নিচাজাতীয় সামগ্ৰী প্ৰতি আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ উদ্ধাৰ হৈ আছে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ মুকলি ব্যৱসায় চলাই আছে।

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজেতে এইবাৰ হাজোত উদ্ধাৰ নিচাজাতীয় সামগ্ৰীৰ ।

হাজোৰ দলৈতোলাৰ নৈৰ পাৰত আৰক্ষীৰ অভিযান । অভিযানত জব্দ কফচিৰাপৰ বটল আৰু নিচাজাতীয় টেবলেট লগতে এখন মেজিক বাহনো। হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বুধবাৰে নিশা দলৈতোলাৰ নদীৰ পাৰৰ মঠাউৰিত অভিযান চলাইছিল।অভিযানত তিনি সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰে ৪৫টা কফচিৰাপৰ বটল আৰু নিচাজাতীয় টেবলেট (Operation Full of drugs seized in hajo)।

তথ্য অনুসৰি, বুধবাৰে নিশা এখন মেজিক বাহনখনেৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল আৰু আৰক্ষীক দেখি বাহন এৰি পলায়নৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে। আৰক্ষীয়ে মেজিক বাহনখন দেখি খেদি গৈ কৰায়ত্ত কৰে তিনি সৰবৰাহকাৰীক। আটক সৰবৰাহকাৰী ক্ৰমে ৰাজীৱ আলী, আক্ৰম আলী আৰু ৰাজা আলী। দীৰ্ঘদিনে আৰক্ষীৰ চকুত ধূলি দি শনিয়াদি অঞ্চলত চলাই আছিল নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়।

জানিব পৰা মতে, ব্যৱসায় ৰাজীৱ আলীয়ে চলাই গৈ আছিল নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে তিনিও জনক জেৰা অব্যাহত ৰাখিছে।