Local, Vocal, Global

Drugs Peddler Arrested : জুৰীয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

জুৰীয়া, ৩জানুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs peddler arrested in Juria )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ জুৰীয়া আৰক্ষীৰ বৃহত সফলতা । জুৰীয়া আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন । জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া জুৰীয়া আৰক্ষীয়ে জুৰীয়াৰ উদমাৰিত চলাইছিল অভিযান । অভিযানত জব্দ ২৭ টা সন্দেহযুক্ত হেৰ’ইনৰ ভৰ্তি কন্টেইনাৰ মুঠ ৩৬.২৩ গ্ৰাম ড্ৰাগছ । লগতে আৰক্ষীয়ে আটক কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনক ।জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনে চলাই গৈছিল অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায়।

এক সূত্ৰৰ ভিত্তিত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তনুজ মাইবংচুৰ নিৰ্দেশত আৰক্ষীৰ এটি দলে জুৰীয়াৰ উদমাৰিত অভিযান চলাই নিজ বাসগৃহৰ পৰাই সন্দেহযুক্ত হেৰ’ইন সহ আটক কৰে জাকিৰ হুছেইনক।

উল্লেখ্য যে পূৰ্বেও ধৃত জাকিৰ হুছেইন নিষিদ্ধ ড্ৰাগছৰ সৈতে দুবাৰকৈ ৰঙা ঘৰৰ আলহী হৈছিল। সম্প্ৰীতি অধিক তথ্য সংগ্ৰহ বাবে জুৰীয়া আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Terrible Road Accident : বিলাসীপাৰাত শোকাৱহ দুৰ্ঘটনা