Drugs Peddler Arrested in Hajo : একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক

নিউজ ডেস্ক,৪জুলাই : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । একাংশ মহিলাই যেন নামি পৰিছে অপৰাধৰ জগতত ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ।
এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান(Drugs Peddler Arrested in Hajo) ।
এইবাৰ মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰীৰ এটা গেং। ড্রাগছ সৰবৰাহকাৰীৰ গেংটোত আছে দুই যুৱক আৰু দুগৰাকী মহিলা।
জানিব পৰা মতে, বেতকুছিৰ পৰা গ্রেপ্তাৰ কৰে সীমান্ত কলিতা নামৰ সৰবৰাহকাৰীটোক। ইফালে হাজোৰ দলৈতলাৰ পৰা গ্রেপ্তাৰ কৰে দুই মহিলাসহ আন এটা সৰবৰাহকাৰীক।ধৃত সৰবৰাহকাৰীৰ দলটোৰ পৰা আৰক্ষীয়ে
জব্দ কৰে ১৮৫টা ড্রাগছভৰ্তি কণ্টেইনাৰ, গাঞ্জাভৰ্তি মোনা লগতে জব্দ কৰে কফ চিৰাপৰ বটল, ২৬টাকৈ মোবাইল ফোনসহ জব্দ নগদ ধন ১,৩৮,৫৪০ টকা।
ধৃত তিনিওগৰাকী সৰবৰাহকাৰীৰ নাম নাম ৰুনু বেগম, হামিদা বিবি, জুলফিকাৰ আলী বুলি জানিব পৰা গৈছে ।