Local, Vocal, Global

Drugs peddler arrested : এইবাৰ অন কেমেৰা লুঙী খুলিলে ড্ৰাগছ সৰবৰাহকাৰীৰ

ধিং, ২১অক্টোবৰ : অর্ধ উলংগ হ’ল ড্ৰাগছ সৰবৰাহকাৰী । এইবাৰ অন কেমেৰা লুঙী খুলিলে ড্ৰাগছ সৰবৰাকাৰীৰ ।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested)

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায় ।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই(Drugs peddler arrested in Dhing ) ।

এইবাৰ বটদ্ৰৱাৰ লালুং গাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক । আমছু আৰু সংগ্ৰাম পৰিষদৰ সহযোগত ৰাইজে কৰায়ত্ব কৰে সৰবৰাহকাৰীক । ৰাইজে পঘাৰে বান্ধি থোৱা এই লোক দুজনলৈ মন কৰক । এইদুজন হৈছে ড্ৰাগছ সৰবৰাহকাৰী ।শনিবাৰে পুৱা বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ লালুং গাঁৱত ড্ৰাগছ সৰবৰাহ কৰি থকা সময়তে ৰাইজে খেদি খেদি দিলদাৰ হুছেইন আৰু ৰফিক উদ্দিনক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে, এই অভিযানত ৰাইজৰ লগত সহযোগিতা কৰে আমছুৰ কৰ্মী বৃন্দৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মী বৃন্দই।

এক কথাত কব’লৈ গ’লে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যেন সজাগ হৈছে সচেতন ৰাইজ ।

লগতে পঢ়ক : Drugs peddler arrested : ধিঙত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ