Local, Vocal, Global

Drugs peddler arrested : ধিঙত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ

ধিং, ১৯অক্টোবৰ : ধিঙত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জব্দ বৃহৎ পৰিমানৰ ড্ৰাগছ ।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested)

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায় (Drugs peddler arrested in Dhing )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ ধিঙত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

জানিব পৰা মতে, ধিং আৰক্ষীয়ে অভিযানত প্ৰায় ৭৮টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজনক ৰাব্বুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । বৰ্তমান ধিং আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ৰাব্বুল ইছলামক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Drugs seized in poll bound Mizoram : মিজোৰামত জব্দ ১২.১২ কোটি টকাৰ ড্ৰাগছ