Local, Vocal, Global

Drugs peddler arrested : কাছাৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান; অভিযানত হেৰ’ইন সহ গ্ৰেপ্তাৰ মণিপুৰৰ‌ সৰবৰাহকাৰী

নিউজ ডেস্ক, ৭নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested) ।

ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়।

ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs peddler arrested in Cachar )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

সোমবাৰে কাছাৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান । অভিযান জব্দ বুজন পৰিমাণৰ হেৰ’ইন ।

সোমবাৰে লাইলাপুৰ আৰু ধলাই আৰক্ষীয়ে লাইলাপুৰত যুটীয়া অভিযান চলাই । আৰক্ষীয়ৰ নাকা চেকিঙৰ সময়ত এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৬০টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে ।

উল্লেখ্য যে , জব্দ কৰা বাকচকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে ৯০০ গ্ৰাম হেৰ’ইন। লগতে নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অভিযোগত মণিপুৰৰ পূব ইম্ফল জিলাৰ বাসিন্দা খুলক ফৰ ইবঙ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, জব্দ কৰা হেৰ”ইনৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

ইফালে, হেৰ’ইন জব্দ কৰা খবৰ পাই কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা লাইলাপুৰত উপস্থিত হৈ ধৃত সৰবৰাহকাৰীজনক জেৰা কৰে। আৰক্ষীৰ জেৰাত হেৰ’ইনখিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা আনি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি ধৃত সৰবৰাহকাৰীগৰাকীয়ে স্বীকাৰ কৰে।

সম্প্ৰতি ধৃত লোকজনক ধলাই আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Chhattisgarh Assembly Elections 2023 : ছত্তিশগড়ত ভোটদানৰ মাজতে ভয়ংকৰ IED বিস্ফোৰণ