Local, Vocal, Global

Drugs peddler arrested in biswanath : ছাগলী চোৰ কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী

বিশ্বনাথ, ১৭ জুলাই : বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ খেৰবাৰিত ড্ৰাগছসহ আটক কৰা হৈছে ২ জন যুৱকক(Drugs peddler arrested in biswanath) । বিশ্বনাথৰ বালিচাংৰ খেৰবাৰীত কৰায়ক্ত কৰা ছাগলী চোৰৰ পৰা ড্ৰাগছ উদ্ধাৰ ৷ ড্ৰাগছ কিনিবলৈ দলংগুৰিৰ টেঙাবস্তিৰ পথৰ দাতিৰ পৰা চুৰি কৰি আনিছিল ছাগলী । AR01C7375 নম্বৰৰ ইণ্ডিকা বাহনত ভৰাই তীব্ৰ বেগেৰে পলায়ন কৰিছিল চোৰে (Drugs peddler arrested in biswanath)৷

জানিব পৰা মতে দলংগুৰি টেঙাবস্তিৰ সমীপৰ পথত ছাগলী দেখি ড্ৰাগছ সৰবৰাহকাৰী দুটাই ছাগলী দুটা গাড়ীত উঠোৱাৰ চেষ্টা কৰে। দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে পথৰ কাষৰ ছাগলী চোৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে ধৰা পৰে ।

সেই সময়তে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে তেওঁলোকৰ প্ৰত্যক্ষ কৰে । ইয়াৰ পিছত আৰক্ষীৰ সহযোগত গাঁওৰক্ষী বাহিনীয়ে ছাগলী চোৰ বুলি খেদি খেদি খেৰবাৰিত কৰায়ত্ত কৰে চোৰ দুটাক।

পিছত বাহনখনত ভালদৰে চোৱাত গাড়ীৰ ভিতৰত ড্ৰাগছ ভৰ্তি ৮ টাকৈ সৰু কন্টেইনাৰ উদ্ধাৰ কৰে । পিছত বালিচাং আৰক্ষীয়ে দুয়োটাকে আটক কৰি বালিচাং আৰক্ষী চকীলৈ লৈ যোৱা হয় । আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুটা হ’ল বৰগাঙৰ ছাহিল আলি আৰু চৌকত আলি।

লগতে পঢ়ক : Gang Rape In MP : যুৱতীক দলবদ্ধ ধৰ্ষণ , জড়িত বিজেপি নেতাৰ পুত্ৰ, নাবালিকা ভগ্নীকো যৌন নিৰ্যাতন