WATCH | Drugs peddler arrested along with drugs : ধিঙত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ধিং,২৪মে’ : পুনৰ ধিং আৰক্ষীৰ অভিযানত নিষিদ্ধ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী ৷
ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতাৰ নেতৃত্বত চলা অভিযানত আটক কৰে সৰবৰাহকাৰীটো ৷
আটকাধীন সৰবৰাহকাৰীটো ধিঙৰ হজৰত আলী বুলি জানিব পৰা গৈছে ।
অভিযানত জব্দ কৰে ৫৫.২৯ গ্ৰাম নিষিদ্ধ ড্ৰাগছ(Drugs peddler arrested along with drugs)৷
সৰবৰাহকাৰী লোকজনে নিষিদ্ধ ড্ৰাগছখিনি আৰক্ষীৰ চকুত ধুলি দি ২৯টা প্লাষ্টিকৰ কন্টেনাৰত ভৰাই বিভিন্ন ঠাইত বিক্ৰীৰ বাবে লৈ গৈ থকাৰ সন্দেহ আৰক্ষীৰ ৷
বৰ্তমান অধিক তথ্যৰ বাবে লোকজনক জেৰা অব্যাহত ৰাখিছে ধিং আৰক্ষয়ে ৷
লগতে পঢ়ক : WATCH | Sipajar News : ছিপাঝাৰৰ মনপুৰগড় শ্ৰীশ্ৰী মহাকালী মন্দিৰৰ মহাকালী পূজা