WATCH | Drugs peddler arrested along with drugs : গাঁওৰক্ষী বাহিনীৰ ফিল’বাৰী আৰক্ষী থানা সমিতিৰ সভাপতিৰ ভাতৃৰ গৃহত উদ্ধাৰ ড্ৰাগছ
ডুমডুমা,২৩মে’ : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজানত তিনিচুকীয়া আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে প্ৰতি দিনাই ফিল’বাৰী আৰক্ষী থানাৰ লগত থকা গাঁওৰক্ষী বাহিনীৰ ফিল’বাৰী আৰক্ষী থানা সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকাৰ ভাতৃৰ গৃহত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ড্ৰাগছ।
ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কাকজান গাঁৱত ড্ৰাগছ বিৰোধী বিশেষ অভিযান চলাই আৰক্ষীয়ে ৬.৪৩ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ (ব্ৰাউন চুগাৰ) জব্দ কৰে। অভিযানত ড্ৰাগছ ব্যৱসায়ী মনোজ হাজৰিকাৰ পত্নী মাইনু হাজৰিকাক ড্ৰাগছৰ সৈতে কৰায়ত্ত কৰে আৰক্ষীৰ দলটো।আনহাতে,অভিযানৰ আগতেই ড্ৰাগছ মাফিয়া মনোজ হাজৰিকাই পলায়ন কৰে।
উল্লেখযোগ্য যে, মনোজ হাজৰিকা আৰু মাইনু হাজৰিকাই পূৰ্বতে ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ আৰক্ষীৰ হাতত ধৰা পৰিছিল আৰু কাৰাবাস খাটি ওলাই অহাৰ পিছত পুনৰ একেটা কামত লিপ্ত হৈছিল। অভিযোগ মতে এই দম্পতীহালে কাকজান গাঁৱত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ অবৈধ কাৰ্যকলাপ চলাই আহিছে। খবৰ অনুসৰি, অভিযানৰ পিছত আজি পুৱা স্থানীয় শতাধিক মহিলাই মনোজ হাজৰিকাৰ ঘৰলৈ গৈ বিক্ষোভ প্ৰদর্শন কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপৰ দাবী তোলে(Drugs peddler arrested along with drugs)।
এতিয়া প্ৰশ্ন হয় গাঁওৰক্ষী বাহিনীৰ ফিল’বাৰী আৰক্ষী থানা সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকাই ভাতৃৰ ড্ৰাগ্ছৰ ব্যৱসায় কথা ইমান দিনে কিয় জনোৱা নাছিল আৰক্ষীক।নিজে গাঁওৰক্ষী বাহিনীৰ ফিল’বাৰী আৰক্ষী থানা সমিতিৰ সভাপতি হোৱাৰ বাবেই ভাতৃ মনোজ হাজৰিকাক লাইচেন্স দিছিল নেকি ড্ৰাগ্চ ব্যৱসায়ী কৰিবলৈ ৰাজীৱ হাজৰিকাই।
প্ৰায় এটা বছৰ পূৰ্বে বৰডুমচাৰ কুজুপথাৰত স্থানীয় ৰাইজে ৰাজীৱ হাজৰিকাৰ ভাতৃ মনোজ হাজৰিকা আৰু বোৱাৰী মাইনু হাজৰিকাক ড্ৰাগছৰ সৈতে আটক কৰি চমজাই দিছিল বৰডুমচা আৰক্ষীক। ড্ৰাগছৰ দৰে সমাজ বিৰোধী কামত লিপ্ত থকা পৰিয়ালৰে এজনক বৰডুমচাত ভাতৃ বোৱাৰী ড্ৰাগছৰ সৈতে আটল হোৱা পিছত কাৰ আশীৰ্বাদত ৰাজীৱ হাজৰিকাই লাভ কৰিলে গাঁওৰক্ষী বাহিনীৰ ফিল’বাৰী আৰক্ষী থানা সমিতিৰ সভাপতিৰ দৰে গুৰু দায়িত্ব।
তিনিচুকীয়া আৰক্ষীয়ে ৰাজীৱ হাজৰিকাকো তদন্তৰ আওতাত অনাৰ সাহস কৰিব নে? স্থানীয় ৰাইজৰ দাবী গাঁওৰক্ষী বাহিনীৰ দায়িত্বৰ পৰা অতি সোনকালে বহিস্কাৰ কৰিব লাগে ৰাজীৱ হাজৰিকাক। আনহাতে, আৰক্ষীয়ে মাইনু হাজৰিকাক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু মনোজক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে।
লগতে পঢ়ক : WATCH | Shrinkhal Chaliha: বীৰ লাচিত সেনাৰ শৃংখল চলিহাক আটক