Drugs peddler arrested along with drugs : চতিয়াত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী
চতিয়া,১৫জুলাই : দেওবাৰে নিশা চতিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষীৰ অভিযান ইটাখোলা-চৈবাৰী সংযোগী পথত ।অভিযানত চতিয়াৰ ইটাখোলাত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা পেডলাৰ ৷
এক গোপন তথ্যৰ ভিত্তিত ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত ভৰালীয়ে ইটাখোলা আৰু চৈবাৰী সংযোগী পথত অভিযান চলাই । অভিযানত AS 23 D 0114 নম্বৰৰ এখন এল্ট’ বাহনৰ পৰা উদ্ধাৰ কৰে ৪৮ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ৷ লগতে আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ কঢ়িয়াই অনা পেডলাৰটোক৷
আটকাধীন পেডলাৰটো খাইৰুল ইছলাম বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs) ৷
উল্লেখ্য যে নিষিদ্ধ সামগ্ৰীৰ ঘাটিত পৰিণত হোৱা ইটাখোলাৰ বিভিন্ন স্থানৰ পৰা বিগত এটা মাহৰ ভিতৰতে চতিয়া আৰু ইটাখোলা আৰক্ষীয়ে বহু পৰিমাণৰ গাঞ্জা আৰু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : Youth missing in Langlongku waterfall : কাৰ্বি আংলঙৰ লাংৱকু জলপ্ৰপাতত সন্ধানহীন যুৱক