Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs : সোণাৰিত নিষিদ্ধ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

সোণাৰি,২৩মে’ : চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অবাধ সাৰত বৃদ্ধি হৈ আহিছে নিষিদ্ধ ড্ৰাগছ সেৱন তথা ব্যৱসায়ৰ সংখ্যা। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে সময়ে সময়ে এনে নিচাজাতীয় পদাৰ্থ ড্ৰাগছ সেৱন তথা ব্যৱসায়িক আটক কৰি জেল হাজাতলৈ প্ৰেৰণ কৰি আহিছে যদিও ৰোধ কৰিব পৰা নাই এইসকল লোকক।

সোণাৰিৰ ভজো নাহৰ আলিৰ পৰা এজন লোকক হাতে লোতে ধৰি সোণাৰি আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছসহ ফাৰুক আহমেদ নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হৈছে। ফাৰুক আহমেদৰ ঘৰ হোজাই জিলাৰ লংকাত বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি সোণাৰিত এই নিষিদ্ধ ড্ৰাগছৰ সৈতে জড়িত থকা এই লোকজনক আৰক্ষীয়ে ধৰিবলৈ বহু কৌশল অৱলম্বন কৰিও বিফল হৈছিল। কিন্তু অৱশেষত আৰক্ষীৰ জালত পৰিল এই লোকজন(Drugs peddler arrested along with drugs)।

লোকজনৰ পৰা আৰক্ষীয়ে জনোৱা অনুসৰি ১৭.০১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে সোণাৰি আৰক্ষীয়ে আটক কৰে লোকজনক। আজি সোণাৰি আৰক্ষীয়ে আটকাধীন ফাৰুক আহমেদক চৰাইদেউ জিলা ন্যায়িক আদালতত প্ৰেৰণ কৰিছে। সোণাৰি আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে পুনৰ এদিনৰ বাবে নিজ জিম্মাত ধৃত ফাৰুক আহমেদক লোৱা বুলি জানিব পৰা গৈছে।

এই ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিঞ্চু প্ৰধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সোণাৰিত জোঁৱাই হিচাপে থাকি নিজ জিলাত এই ব্যৱসায় নচলাই ফাৰুক আহমেদ নামৰ লোকজনে আমাৰ জিলাখনৰ উঠি অহা নৱ প্ৰজন্মক ধ্বংসৰ পথত নিয়াৰ পৰিকল্পনা কৰিছে। ইফালে আৰক্ষীক এইসকলৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়।

লগতে পঢ়ক : WATCH | Doom Dooma News : ডুমডুমাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ