WATCH | Drugs peddler arrested along with drugs: শিমলীতোলাত বুজন পৰিমাণ ড্ৰাগছসহ সৰবৰাহকাৰীক কৰায়ত্ত

নগৰবেৰা,৯এপ্ৰিল : গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলাত ড্ৰাগছসহ সৰবৰাহকাৰীক কৰায়ত্ত ৰাইজৰ। জয়নাল আলী নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা কফিল উদ্দিন শ্বেখ নামৰ লোকজনৰ ঘৰৰ পৰা ৩৬ টা কন্টেইনাৰসহ ২৩.৮৮ গ্ৰাম ড্ৰাগছ, নগদ ৮ হাজাৰ টকা আৰু এটা মবাইল জব্দ কৰে(Drugs peddler arrested along with drugs)।
পিছত ঘটনাস্থলীত মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষৰ নেতৃত্বত আৰু নৱাগত শিমলীতোলা আৰক্ষী চকীৰ সহযোগত উপস্থিত হৈ ড্ৰাগছসহ কফিল উদ্দিনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।
জব্দকৃত ড্ৰাগছখিনি হেৰ’ইন বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, জয়নাল আলীৰ চৌহদত দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ অসামাজিক কাম কাজ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে। ঘৰৰ মালিক জয়নাল আলীকো গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: জামুগুৰিহাটত ৰঙালী বিহুৰ প্ৰস্তুতি তুংগত