WATCH | Drugs peddler arrested along with drugs: এইবাৰ আশা কৰ্মী ড্ৰাগছ সৰবৰাহকাৰী ৰূপত
নলবাৰী,২৯মাৰ্চ : নলবাৰী জিলাৰ মুকালমুৱাত আৰক্ষীৰ অভিযান । এক গোপন তথ্যৰ ভিত্তিত মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত নাৰায়ণপুৰ গাঁৱত আৰক্ষীয়ে শুকুৰবাৰে দুপৰীয়া অভিযান চলাই । অভিযানত ড্ৰাগছসহ এহাল দম্পতিক আটক কৰে ।
জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে নাৰায়নপুৰ গাৱঁৰ মেম্বৰ আলীৰ পুত্ৰ আবুল আলীৰ বাসভৱনত অভিযান চলাই।
মুকালমুৱাৰ আৰক্ষীয়ে সদৰী কৰা মতে, অভিযানৰ সময়ত আবুল আলীৰ ঘৰৰ পৰা প্ৰায় ৫০ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰে । জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় দুই লাখ টকা হ’ব বুলি সদৰী কৰে আৰক্ষীয়ে । লগতে আবুল আলীৰ পৰা নগদ ৯৫ হাজাৰ ২৬০ টকা জব্দ কৰে । ড্ৰাগছ সৰবৰাহৰ অভিযোগত আবুল আলী আৰু তেওঁৰ পত্নী আছমা বিবিকো আটক কৰে(Drugs peddler arrested along with drugs)।
উল্লেখ্য যে ধৃত আছমা বিবি মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ এগৰাকী কৰ্মৰত আশা কৰ্মী । দীৰ্ঘদিন ধৰি এই গৰাকী আশাকৰ্মীয়ে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদত ড্ৰাগছ পেডলাৰ হিচাপে জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে । লক্ষণীয় যে সন্ধিয়া সময়ত এইখন চিকিৎসালয়ত ড্ৰাগছ কিনিবলৈ হেতা-ওপৰা লগাৰ দীৰ্ঘদিনীয়া অভিযোগ সঁচা বুলিয়েই প্ৰমাণিত হ’ল।
লগতে পঢ়ক : WATCH | Free Roaming of Rhino : ৰাজপথত গঁড়ৰ মুক্ত বিচৰণ;আতংকিত ৰাইজ