WATCH | Drugs peddler arrested along with drugs: মৈৰাবাৰী আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ মাফিয়া
মৈৰাবাৰী,১২মাৰ্চ : মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত অভিযান ।
এক গোপন সূত্ৰে পম মৈৰাবাৰীৰ আৰক্ষী অভিযান চলাই মৈৰাবাৰী পি এন বি বেংকৰ সন্মুখৰ পৰা নুৰ মুহাম্মদ নামৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰে । আটকাধীন ড্ৰাগছ মাফিয়াটোৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ(Drugs peddler arrested along with drugs)।
ড্ৰাগছ মাফিয়াটোৰ ঘৰ লাহৰীঘাটৰ বৰখাবল গাঁৱত। ড্ৰাগছ মাফিয়া জনৰ পৰা আৰক্ষীয়ে প্ৰায় ১১ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়।মৈৰাবাৰীৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ মাফিয়া জনক জেৰা অব্যাহত ৰাখিছে ।