Drugs peddler arrested along with drugs : কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ য়াৱা টেবলেট; আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,১১জুলাই : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ একাংশ সৰবৰাহকাৰীয়ে এতিয়াও আৰক্ষীৰ চকুত ধূলি ছটিয়াই ড্ৰাগছৰ অবাধ বেহা চলাই আছে ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs peddler arrested along with drugs)।
এইবাৰ কৰিমগঞ্জ আৰক্ষীৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী ৷
কৰিমগঞ্জ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে লাভ কৰিছিল ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত এক তথ্য ৷ এই তথ্যৰ ভিত্তিতে কৰিমগঞ্জৰ কান্দিগ্ৰামত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত এক অভিযান চলোৱা হয় ৷ অভিযানত আৰক্ষীৰ দলটোৱে ৮ হাজাৰ য়াৱা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে মিনাজ উদ্দিন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে ৷
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত য়াৱা টেবলেটখিনিৰ মূল্য ৪ কোটি টকা ৷ বৰ্তমান ধৃত মিনাজ উদ্দিনক বদৰপুৰৰ থানাত ৰখা হৈছে ৷ লগতে এই সৰবৰাহত আৰু কোন জড়িত আছে সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Uma Chhetry : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা সামৰি স্বগৃহত উমা চেত্ৰী