Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs: ৰঙিয়া ষ্টেচনত বুজন পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী

ৰঙিয়া,২৫ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া আৰক্ষীৰ জালত পৰিছে এজনৰ পিছত আন এজন অপৰাধী। সোমবাৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তৰণীত গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰাৰ ২৪ ঘন্টা নহওঁতেই পুনৰ ৰঙিয়া আৰক্ষীৰ জালত গাঞ্জাসহ দুজন সৰবৰাহকাৰী।

এইবাৰ ঘটনাৰ স্থান ৰঙিয়া ষ্টেচন।ট্ৰেইন যোগে বহি:ৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিছিল গাঞ্জাখিনি।এইফালে জব্দ কৰা গাঞ্জা খিনিৰ মূল্য প্ৰায় ৮কিলো।আনহাতে আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে ৰঙিয়া কাজিগাওঁৰ খাইৰুল হুছেইন আৰু উদিয়ানাৰ খুৰচান্দ আলী বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :WATCH | Advantage Assam 2.0: আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাত দুদিনীয়াকৈ এডভাণ্টেজ আছাম 2.0