Drugs peddler arrested along with drugs : ডিফুত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ;গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী
নিউজ ডেস্ক,৯জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs peddler arrested along with drugs )।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ সোমবাৰে ৰাজ্যৰ দুঠাইৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ডিফুত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । সোমবাৰে ডিফুত আৰক্ষীৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ
জানিব পৰা মতে আৰক্ষীয়ে প্ৰায় ৬৮৫ গ্ৰাম হেৰ’ইন,২৯,৪০০ টা য়াবা টেবলেট জব্দ । জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় ২কোটি । লগতে কাৰ্বি আংলং আৰক্ষীৰ জালত পৰে ২ সৰবৰাহকাৰী। ধনশিৰি উপ-আৰক্ষী চকীৰ তালাচীত জব্দ কৰে ড্ৰাগছখিনি।
এখন হুণ্ডাই i20 বাহনেৰে মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি(Drugs peddler arrested along with drugs )।