Drugs seized :ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান;অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

ৰঙিয়া,২৮জানুৱাৰী : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।সোমবাৰে নিশা ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰঙিয়া থানাৰ নগৰ পৰিদৰ্শক বিষ্ণুজ্যোতি বৰাৰ নেতৃত্বত চলা অভিযানত ১৩টা কৈ ড্ৰাগছৰ কণ্টেনাৰসহ দুজনক আটক(Drugs seized)।
ৰঙিয়া ষ্টেচনৰ পৰা আটক কৰে সৰবৰাহকাৰীক দুটাক । আটকাধীন সৰবৰাহকাৰী দুটা ৰঙিয়াৰ আব্দুল কাদিৰ আৰু আকাশ মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে(Drugs peddler arrested along with drugs)।
বৰ্তমান ৰঙিয়া আৰক্ষীৰ জিম্মাত থকা ধৃত সৰবৰাহকাৰী দুটাক সোধ পোচ অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে। উল্লেখযোগ্য যে ৰঙিয়াত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা যাৰ বাবে চিন্তিত হৈ পৰিছে ৰঙিয়াৰ সচেতন মহল তথা অভিভাৱকসকল।
লগতে পঢ়ক :Patharughat farmers riot: পথৰুঘাটৰ কৃষক শ্বহীদ সমাধি ক্ষেত্ৰত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ শ্ৰদ্ধাঞ্জলি