Local, Vocal, Global

Drugs peddler arrested along with drugs: বোকাজানত জব্দ ৭ কোটি টকা মূল্যৰ হেৰ’ইন;আটক সৰবৰাহকাৰী

বোকাজান,২৮জানুৱাৰী : পুনৰ বোকাজানত নিশাৰ ভাগত ড্ৰাগছৰ বিৰুদ্ধে অভিযান বোকাজান আৰক্ষীৰ।

অভিযানত ৭ কোটি টকা মূল্যৰ হেৰ’ইনসহ আটক সৰবৰাহকাৰী।

এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান আৰক্ষীয়ে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত শুকানজানস্থিত ৩৯ নং ৰাষ্ট্রীয় ঘাইপথত বিশেষ তালাচী অভিযান চলাই । অভিযানত ৭০ টা চাবোনৰ প্লাষ্টিকৰ পেকেটত জব্দ ৭৪৫.৭৪ গ্ৰাম হেৰ’ইন জব্দ কৰে(Drugs peddler arrested along with drugs)।

খবৰ অনুসৰি,সন্ধিয়াৰ ভাগত এখন স্কৰপিও বাহনৰ পৰা খটখটি আৰক্ষীয়ে হেৰ’ইন উদ্ধাৰ কৰাৰ পাছত নিশাৰ ভাগত পুনৰ বোকাজান আৰক্ষীৰ অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন। ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখী AS-01-RC-0882 নম্বৰৰ ট্ৰাকত উদ্ধাৰ কৰা হৈছে উক্ত হেৰ’ইনখিনি । জব্দকৃত হেৰ’ইনৰ সৈতে আৰক্ষীয়ে ট্ৰাকখনৰ চালক ধিঙৰ ৰমজান আলিক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Robbers attacked the woman: কাহিলীপুৱাই মহিলাক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে টকাৰ বেগ