Local, Vocal, Global

Drugs peddler arrested along with drugs:কাছাৰত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

কাছাৰ,২০জানুৱাৰী : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত। অভিযান কাছাৰত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছ সহ এক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

অসম মেঘালয় সীমান্তৰ কাছাৰ দিগৰখাল টোল গেইটত মেঘালয়ৰ পৰা অহা MZ 01Z 8256 নম্বৰৰ এখন DI বাহনত তলাচি চলাই আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। আৰক্ষীয়ে প্ৰায় ৮ হাজাৰ ৬৪০ বটল নেচাজাতীয় কফ চিৰাফ আৰু ২ কেজি গাঞ্জা জব্দ কৰে ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন। গ্ৰেপ্তাৰ কৰা লোকজন জয়লালডান থাংগা বুলু চিনাক্ত। ঘৰমিজোৰামৰ আইজলৰ।

জানিব পৰা মতে, বৃহৎ পৰিমাণৰ এই কফ চিৰাফ আৰু গাঞ্জা চুবুৰীয়া ৰাজ্যৰ পৰা লৈ অনা হৈছিল । আৰু মিজোৰাম লৈ যোৱাৰ পৰিকল্পনা আছিল ৷ জব্দ হোৱা ড্ৰাগছ খিনিৰ চোৰাং বজাৰ মূল্য এক কৌটি টকা হব বুলি জানিবলৈ দিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত(Drugs peddler arrested along with drugs)।

লগতে পঢ়ক :Youth Kidnapped in Dimapur:চাঞ্চল্যকৰ ঘটনা; কাম দিয়াৰ প্ৰলোভন দি ডিমাপুৰত পণবন্দী যুৱকক