Drugs peddler arrested along with drugs:ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলা
মানকাচৰ,১৮জানুৱাৰী : ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলা৷ জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ধাৰাবাহিক চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান ৷ শুকুৰবাৰে নিশা পুনৰ আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে অভিযান চলাই । অভিযানত জব্দ কৰে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিঞাপাৰাৰ নাছিব মিঞা নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক(Drugs peddler arrested along with drugs) ৷
মানকাচৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত মানকাচৰ থানাৰ অন্তৰ্গত জোৰডাঙা বৰ্মনপাৰাত গাওঁত অভিযান চলাই নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰাৰ উদ্দেশ্য লৈ অনাৰ সৰবাহকাৰী নাছিব মিঞাক আটক কৰে ।
আটকাধীন নাছিব মিঞাৰ পৰা আৰক্ষীয়ে ২০ বটল Eskuf নামৰ কডিন ফছফেট কফ ছিৰাপৰ বটল উদ্ধাৰ কৰে ৷