Local, Vocal, Global

Drugs peddler arrested along with drugs:মানকাচৰত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ; আটক সৰবৰাহকাৰী

হাটশিঙিমাৰী,৩০ডিচেম্বৰ : নিশা মানকাচৰৰ জোৰডাংগাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।

আৰক্ষীৰ অভিযানত জব্দ ১৩ গ্ৰাম হেৰ’ইন।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰু মানকাচৰ আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই হেৰ’ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে(Drugs peddler arrested along with drugs)।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো জোৰডাংগা গাওঁৰ মহিজল হকৰ ল’ৰা নুৰ আমিন (৪২) বুলি জানিব পৰা গৈছে।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক সোধপোচ অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Nagarbera News :চেঙাৰ বাঘমাৰাচৰত পঞ্চায়ত বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ;পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ ফলত ভোটৰ তালিকাত বিসংগতি হোৱাৰ অভিযোগ