Drugs peddler arrested along with drugs: ই-ৰিক্সাত জব্দ নিচাজাতীয় দ্ৰব্য;গ্ৰেপ্তাৰ সৰবৰাহকাৰী

নিউজ ডেস্ক,১৬ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কাছাৰত ড্ৰাগছ বিৰোধী অভিযান। অভিযানত কাছাৰৰ জয়পুৰ আৰক্ষীয়ে জব্দ কৰিছে চাৰি কিলো গ্ৰাম নিচাজাতীয় সামগ্ৰী।
গোপন সূত্ৰৰ ভিত্তিত জয়পুৰ থানাৰ আৰক্ষীয়ে কনকপুৰ প্ৰথম খণ্ডত এখন ই-ৰিক্সাত তালাচী চলাই জব্দ কৰে নিচাজাতীয় দ্ৰব্যখিনি ।
বিক্ৰীৰ বাবে নিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় দ্ৰব্য । দ্ৰব্যখিনি সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ইৰিক্সা খনৰ চালক বিক্ৰম সিংহ নামৰ এজনক গ্ৰেপ্তাৰ কৰে। ধৃত বিক্ৰম সিংহৰ ঘৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত শ্ৰীপুল লালঙত বুলি সদৰী কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক :Road Accident in Moran:বাইকৰ খুন্দাত নিহত চেপন আৰক্ষী চকীৰ উপপৰিদৰ্শক