Drugs peddler arrested along with drugs : বোকাজানত জব্দ ৬কোটি টকাৰ য়াবা টেবলেট

নিউজ ডেস্ক,১২ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বোকাজানত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । বোকাজানত পুনৰ জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট ।
বোকাজানত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ বৃহত পৰিমাণৰ নিচাজাতীয় টেবলেট। বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰত প্ৰায় ছয় কোটি টকা মূল্যৰ নিচাজাতীয় য়াবা টেবলেটসহ আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী। বৰপথাৰ আৰক্ষীৰ খাকৰাজান নাকা তালাচীত জব্দ কৰা হৈছে ৩৬ হাজাৰ য়াবা টেবলেট(Drugs peddler arrested along with drugs)।
জানিব পৰা মতে, ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখী MN-06-L-7152 নম্বৰৰ এখন বাহনৰ Air Filter ৰ ভিতৰত সৰবৰাহৰ চেষ্টা কৰিছিল নিচাজাতীয় টেবলেটখিনি। ধৃত সৰবৰাহকাৰীটো মণিপুৰৰ থৌবাল জিলাৰ মঃ আব্দুল লটিফ বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : দিকাৰী নৈৰ বুকুত বিলিন হোৱাৰ পথত বৃহত্তৰ কৰৈবাৰী অঞ্চল