Drugs peddler arrested along with drugs: হাউলী আৰক্ষীৰ বৃহৎ সফলতা
নিউজ ডেস্ক,৫নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ হাউলীত চলি আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ।সোমবাৰে নিশা হাউলী আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।গোপন খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত মৈৰা মাৰাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলায়।
অভিযানত দুটা চাবোনৰ বাকচ পৰা ১৯.৪৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। লগতে এজন সৰবাৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকীৰজনৰ নাম ইব্ৰাহিম আলি বুলি জানিব পৰা গৈছে।ধৃত সৰবৰাহটোৰ ঘৰ হাউলী মৈৰা মাৰাত। ধৃত ইব্ৰাহিমৰ পৰা আৰক্ষীয়ে এটি মোবাইল ফোন আৰু নগদ ২২,৫০০ টকাও জব্দ কৰে। ইতিমধ্যে সৰবৰাকাৰীজনৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।
লগতে পঢ়ক :Heated situation:গোৱালপাৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালত উত্তপ্ত পৰিস্থিতি