Drugs peddler arrested along with drugs : মোৰাঝাৰত বুজন পৰিমাণ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,২৯ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
শুকুৰবাৰে হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে শিঙিৰপাৰ গাঁৱত আৰক্ষীৰ অভিযান । অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা শিঙিৰপাৰ গাঁৱৰ বাসিন্দা শ্বাকিৰ হুছেইন ( ৩৩) আৰু মোৰাঝাৰ চাৱাজপুৰ গাঁৱৰ নাজিম উদ্দিন (৩০) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, গোপন খবৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল চন্দ্ৰ ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সন্দেহজনক ড্ৰাগছ বিক্ৰী কৰা অৱস্থাত শ্বাকিৰ হুছেইন আৰু নাজিম উদ্দিনক হাতেলোটে আটক কৰে। দুয়োটাৰ কবলৰ পৰা ৮ টা প্লাষ্টিক কন্টেইনাৰ ভৰ্তি ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।
৮ টা কন্টেইনাৰত থকা ড্ৰাগছৰ পৰিমাণ ১০.৩৯ গ্ৰাম বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে । ধৃত শ্বাকিৰ হুছেইনে জিলা খনৰ বিভিন্ন স্থানত বহু পূৰ্বৰ পৰা ড্ৰাগছ যোগান ধৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
শ্বাকিৰ হুছেইনক কিছুমান দিন আগতে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত তেজপুৰ আৰক্ষীয়ে কলিয়াভোমোৰা সেতুৰ ওপৰত আটক কৰিছিল।ইপিনে ধৃত নাজিম উদ্দিনো ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত পূৰ্বতে গ্ৰেপ্তাৰ হৈ হাজত খাটিছিল।মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল চন্দ্ৰ ৰয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ইতিমধ্যে সফল হৈছে।
লগতে পঢ়ক : Road accident in Bokajan : দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়াই নিলে স্কুটি আৰোহীক;থিতাতে নিহত স্কুটি আৰোহী