Drugs peddler arrested along with drugs : প্ৰাক্তন উগ্ৰপন্থীৰ সেনাধ্যক্ষ নামিল নিচাযুক্ত দ্ৰব্য সৰবৰাহত
নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
আজি খটখটী থানাৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৰ বালিজান ৰানা বস্তিত আৰক্ষীৰ অভিযান । অভিযানত জালত পৰে এটা পেকেটত ভৰাই অনা নিষিদ্ধ হেৰইনসহ মহিলা তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷
ধৃত সৰবৰাহকাৰী কেইটা চাহিল মুণ্ডা, ৰোহিত ৰয় আৰু চামচুল নেহাৰ বুলি জানিব পৰা গৈছে ৷ ধৃত চাহিল মুণ্ডা আদিবসী উগ্ৰপন্থী সংগঠন আপলাৰ প্ৰাক্তন মুখ্য সেনাধ্যক্ষ আছিল আৰু ২০২৩ চনৰ ২ জুলাইত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷
উল্লেখ্য যে আত্মসমৰ্পণৰ পাছত মুণ্ডাই নিজাকৈ আই.বি.এন ২৪ নামৰ এটা নিউজ প’ৰ্টেল খুলি নিজৰ গাড়ীত প্ৰেছ লিখি আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিনে চলাই আহিছিল ড্ৰাগছ সৰবৰাহৰ লগতে অন্যান্য অসামাজিক কৰ্ম৷
আৰক্ষীয়ে ধৃত লোক কেইজনৰ পৰা পাঁচটা মোবাইল ফোন, সংবাদ মাধ্যমৰ এটা ল’গ’ আৰু এ.এছ.৩১-৪২৯১ নম্বৰৰ এছপ্ৰেছো গাড়ী জব্দ কৰে ৷
লগতে পঢ়ক : 26-year-old EY employee dies from work pressure: কামৰ বোজাৰ বাবে অসুস্থ হৈ মৃত্যু মহিলা কৰ্মচাৰীৰ