Drugs peddler arrested along with drugs : গোলাঘাটত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ টা সৰবৰাহকাৰী
নিউজ ডেস্ক,২৯আগষ্ট : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান । অভিযানত লক্ষাধিক টকাৰ ড্ৰাগছসহ ৩ টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ।
বুধবাৰে নিশা গোলাঘাট নগৰৰ সমীপৰ মিচন তিনিআলিৰ সমীপত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি । লগতে আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে তিনি সৰবৰাহকাৰী । আটকাধীন সৰবৰাকাৰী কেইজন ক্ৰমে তেজপুৰৰ নজৰুল হক, গোলাঘাট ঢুলীয়া গাঁৱৰ বুলবুল আলী আৰু নাছিক আলী বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, নাহৰণিৰ ফালৰ পৰা গোলাঘাট অভিমুখে AS-০৫-T-১৭৭৬ নম্বৰৰ মটৰ চাইকেলেৰে দুজন আৰু এজনে এখন ই-ৰিক্সা লৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সৰবৰাহকাৰীকেইটাক আটক কৰিবলৈ সক্ষম হয় । সৰবৰাহকাৰীকেইটাৰ পৰা ৪ টাকৈ মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰিছে । বৰ্তমান আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে ।