Drugs peddler arrested along with drugs : ধেমাজিত নিষিদ্ধ ড্ৰাগছসহ আটক আঠজন যুৱকক

নিউজ ডেস্ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ সোমবাৰে ৰাজ্যৰ দুঠাইৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ধেমাজিত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় ।
বুধবাৰে ধেমাজিত নিষিদ্ধ ড্ৰাগছসহ আটক আঠজন যুৱকক । ধেমাজি সদৰ আৰক্ষীয়ে আটক কৰে লোককেইজনক।আটকাধীন লোককেইজনৰ পৰা জব্দ কৰে কণ্টেইনাৰসহ ১৯.২গ্ৰাম হেৰ’ইন।
জানিব পৰা মতে ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ তুলসীবাৰীত আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত চলোৱা অভিযান চলাই । অভিযানত আৰক্ষীকে ড্ৰাগছসহ আটক কৰে লোককেইজনক(Drugs peddler arrested along with drugs) ।
আটকাধীন যুৱক কেইজন ক্ৰমে কৃষ্ণ শইকীয়া(২৬), শচিন্দ্ৰ চুতীয়া(৩৫), বিনোদ দিহিঙীয়া(২১), দিপজ্যোতি চাংমাই (১৯), ভৰত বৰা(১৯), মন্টু বৰা(২৪), মঃ চহিদুল ইছলাম(৪০) আৰু চাদ্দাম হুছেইন(২৫)। ইয়াৰে মঃ চহিদুল ইছলাম আৰু চাদ্দাম হুছেইন হৈছে নগাঁও জিলাৰ বুলি চিনাক্ত কৰা হৈছে ৷
তেওঁলোক দুয়ো মাছ ব্যৱসায়ৰ সূত্ৰে ধেমাজিত থাকে ৷ তেওঁলোকৰ পৰা নিষিদ্ধ ড্ৰাগছৰ লগতে ছটাকৈ মোবাইল ফোন আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰা যুৱক কেইজনক জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : Thieves arrested in Gohpur : গহপুৰৰ হেলেমত আটক ট্ৰাক-স্কৰপিঅ’সহ ৮ গভাইত চোৰ