Drugs peddler arrested along with drugs : তিতাবৰত জব্দ ১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ;গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,২০আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ।
এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান(Drugs peddler arrested along with drugs)।
এইবাৰ তিতাবৰ আৰক্ষী বৃহৎ সাফল্য। তিতাবৰৰ ফুলবাৰী বজাৰৰ সমীপত জব্দ প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ দ্ৰব্য।
জানিব পৰা মতে আজি তিতবাৰ আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক কৌশিক কলিতাৰ নেতৃত্বত এক ড্ৰাগছ বিৰোধী অভিযান চলাইছিল। এই অভিযানৰ সময়তে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে অভিযানকাৰী দলটোৱে।
মুঠ ৮ টা চাবোনৰ বাকচত নিষিদ্ধ ড্ৰাগছৰ লগতে এটা পলিথিনত ৫৯৯ টা ছেমপেক্স নামৰ নিচাযুক্ত টেবলেটখিনি আছিল। এই নিষিদ্ধ সামগ্ৰীখিনি কঢ়িয়াইছিল নাগালেণ্ডৰ দুজন ব্যক্তিয়ে। ধৃত দুই ব্যক্তি ক্ৰমে নাগালেণ্ডৰ নিউচুৰি বস্তিৰ চুম্বেম’ আৰু আকাহ’টো বস্তিৰ খেট’বি।
লগতে পঢ়ক : Prominent Social worker Jivkant Bora passes away : বিশিষ্ট সমাজ সেৱক জীৱকান্ত বৰাৰ দেহাৱসান