Drugs peddler arrested along with drugs : কাছাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,১৫আগষ্ট : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। অভিযানত জব্দ বুজন পৰিমাণৰ হেৰ’ইনৰ ।
বুধবাৰে নিশা এক গোপন তথ্যৰ ভিত্তিত সোণাই থানাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই নতুন বজাৰ এলেকাৰ পৰা ২৩টা হেৰ’ইনৰ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ ৩৩০.০৭ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়(Drugs peddler arrested along with drugs)।
উল্লেখযোগ্য যে জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰত মূল্য প্ৰায় ২কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। হেৰ’ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ আইজলৰ পৰা কাছাৰলৈ অনাৰ সময়ত সোণাই আৰক্ষীয়ে জব্দ কৰে। নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আব্দুল হাছান লস্কৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, ধৃত আব্দুল হাছানৰ ঘৰ সোণাই থানাৰ অন্তৰ্গত ডুংৰিপাৰত। ধৃত সৰবৰাহকাৰী জনক বৰ্তমান সোণাই থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
লগতে পঢ়ক : Independence Day 2024: কোকৰাঝাৰত পতাকা উত্তোলন BTR প্ৰধান প্ৰমোদ বড়োৰ