Local, Vocal, Global

Drugs peddler arrested along with drugs : ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী,আটক এজন

নিউজ ডেস্ক,১২আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)।

ধুবুৰীত আৰক্ষীৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ ।

সোমবাৰে ধুবুৰী শৌলমাৰী আৰক্ষী চকীৰ এটি দলে গোপন তথ্যৰ ভিত্তিত নিকটৱৰ্তী বেপাৰীপাৰাত অভিযান চলাই। অভিযানত বৃহৎ পৰিমাণৰ সন্দেহ জনক ব্ৰাউন চুগাৰ সহ এজন সৰৱৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন হামিদুল ইছলাম বুলি জানিব পৰা গৈছে।

ধৃত হামিদুল ইছলামৰ ঘৰৰ চিলিঙৰ পৰা সন্দেহ জনক ব্ৰাউন চুগাৰখিনি আৰক্ষীয়ে জব্দ কৰে। প্ৰায় ৪০টা সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে চাবোনৰ কেচতো সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰৱৰাহ কাৰী জনৰ পৰা ১০৩ টা খালি কন্টেনাৰো জব্দ কৰে। আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰি শৌলমাৰী আৰক্ষী চকীলৈ আনি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Assam DGP GP Singh : অসম এৰিবলৈ সাজু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং!