Local, Vocal, Global

Drugs peddler arrested along with drugs : কৰিমগঞ্জত জব্দ ১১৫ কোটি টকাৰ হেৰ’ইন আৰু ইয়াবা টেবলেট;আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,১০জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)

এইবাৰ কৰিমগঞ্জ আৰক্ষী আৰু এছটিএফৰ যুটীয়া অভিযান। অভিযানত জব্দ বিপুল পৰিমাণে হেৰ’ইন আৰু ইয়াবা টেবলেট।

গোপন সূত্ৰৰ পম খেদি এছটিএফৰ আইজি পাৰ্থ সাৰথি মহন্ত আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত চলোৱা এক অভিযানত জব্দ হয় ১৩০০ গ্ৰাম হেৰ’ইন আৰু ৩ লাখ ৫০ হাজাৰ পৰিমাণৰ ইয়াবা টেবলেট।জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১১৫ কোটি টকাৰ অধিক হ’ব বুলি সদৰি কৰা হৈছে ।ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জড়িত থকা ৪ জনকআটক কৰে। আটকাধীন লোককেইজন ফুজাইল আহমেদ, নঈমুল হক্ আতিকুৰ ৰহমান, আৰু জগজিৎ দেব ভ্রমণ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, NL 01A C 4764 নম্বৰৰ এখন ট্ৰাকৰ গোপন চেম্বাৰৰ লুকুৱাই আনিছিল ড্ৰাগছ খিনি।

উল্লেখ্য যে, জব্দ হোৱা ট্ৰাকৰ মালিক হবিবুৰ ৰহমান হৈছে এখন ড্ৰাগছ ব্যৱসায়ী । যি যোৱা কিছুদিন আগতে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হোৱাৰ অভিযোগত কাৰাবাসত আছে ।

লগতে পঢ়ক : Guruprashad ojha passed away : সংগীত নাটক একাডেমীৰ অমৃত বঁটা প্ৰাপক বৰপেটা সত্ৰৰ ওজাপালিৰ শিল্পী গুৰুপ্ৰসাদ ওজাৰ দেহাৱসান