Drugs peddler arrested along with drugs : মাটি খান্দি উলিয়াইছে লাখে লাখে টকা
নিউজ ডেস্ক,১০আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলোৱা নিৰৱিচ্ছিন্ন মাজতেই নগাঁৱৰ হেৰাপত্তিত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ ড্ৰাগছ। লগতে আৰক্ষীয়ে মাটি খান্দি উলিয়ালে লাখ লাখ টকা।
আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই মাটি খান্দি উলিয়ালে টকা আৰু ড্ৰাগছ। প্ৰায় ৩৫০০০০ টকাৰ লগতে ৪বাকচ ড্ৰাগছ জব্দ কৰিলে নগাঁও আৰক্ষীয়ে। আৰক্ষীয়ে এই অভিযানত এগৰাকী মহিলাসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে। আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ৰহিমা খাতুন আৰু আফাজ উদ্দিন বুলি জানিব পৰা গৈছে ।