Drugs peddler arrested along with drugs : কাছাৰত জব্দ প্ৰায় ৯কোটি টকাৰ য়াবা টেবলেট
নিউজ ডেস্ক,২৮জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
সমগ্ৰ অসমৰ লগতে কাছাৰতো অব্যাহত আছে আৰক্ষীৰ অভিযান। দেওবাৰে ধলাই থানাৰ আৰক্ষীয়ে অভিযান চলাই কাটাখালৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট।
এখন স্কুটীৰ পৰা জব্দ কৰে প্ৰায় ৩০ হাজাৰ য়াবা টেবলেট। জব্দ কৰা টেবলেটৰ মূল্য ৯ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। টেবলেটখিনি বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে জব্দ কৰে।
লগতে আৰক্ষীয়ে টেবলেটৰ সৈতে এজন সৰবৰাহকাৰীকো আটক কৰে। ধৃত লোকজনৰ নাম আব্দুল আলিম বুলি জানিব পৰা গৈছে । আব্দুল আলিমৰ ঘৰ ধলাই সপ্তগ্ৰামত।
লগতে পঢ়ক : Minor boy died by drowning in pond : পুখুৰীৰ পানীত পৰিল সলিল সমাধি শিশুৰ