Drugs peddler arrested along with drugs : ৩ কোটি ৫০ লাখ টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক.১৮ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বোকাজান অব্যাহত আছে নিচাজাতীয় সামগ্ৰী সৰবৰাহ। বুধবাৰে বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাকৰাজানস্থিত বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drugs peddler arrested along with drugs ) ।
আৰক্ষীয়ে ৪০ টাকৈ প্লাষ্টিকৰ চাবোনৰ বাকচত উদ্ধাৰ কৰে প্ৰায় ৫৪৮.৯৩ গ্ৰাম ড্ৰাগছ।
লগতে আৰক্ষীৰ জালত পৰে দুই ড্ৰাগছ সৰবৰাহকাৰী । আটকাধীন সৰবৰাহকাৰী দুজন তিনিচুকীয়াৰ অভিমন্যু মৰাণ আৰু অশোক মৰাণ বুলি জানিব পৰা গৈছে। বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ উপস্থিতিত জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য ৩ কোটি ৫০ লাখ টকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷
আৰক্ষী সূত্ৰে পোৱা তথ্য অনুসৰি, চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা এএছ-০৯-ডি-১৪৮৭ নম্বৰৰ এখন হোণ্ডাই আই-১০ গাড়ীত গোপন চেম্বাৰ সাজি ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল ।