Local, Vocal, Global

Drugs peddler arrested along with drug : শিমলীতোলাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নিশা নবাগত শিমলীতোলাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ১৯৯ টা নিচাযুক্ত কফ ছিৰাফসহ এখন বাহন ।আটক তিনিজন ড্ৰাগছ সৰবৰাহকাৰী।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মন্দিয়াৰ ছাদ্দাম আলী(৩৫)গোৱালপাৰাৰ ইউছুব আলী (৩২) আৰু সিধাৰীৰ ময়নাল হক (৩৬) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি মাটিয়া থানাৰ আৰক্ষী বিষয়া নিপুমনি চৌধুৰী আৰু শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰ্ষজীৎ দাসৰ নেতৃত্বত বুধবাৰে নিশা নবাগত শিমলীতোলাত যৌথ অভিযান চলায়। অভিযানত AS-01AY-9089 নম্বৰৰ এখন বাহন জব্দ কৰে ।জব্দকৃত বাহনখনৰ পৰা নিচাজাতীয় সামগ্ৰী জব্দ কৰে।

লগতে পঢ়ক :Road Accident in Chapar : তীব্ৰবেগী চুইফট বাহনৰ খুন্দা দলঙত;কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ