Local, Vocal, Global

Drugs peddler arrested : ডিব্ৰুগড়ত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম(Drugs peddler arrested) ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্যত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ। চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় আৰক্ষীয়ে চলাই আছে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান । আৰক্ষীৰ অভিযানৰ পিছতো বন্ধ হোৱা নাই ড্ৰাগছ সৰবৰাহ । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত প্ৰতিদিনে উদ্ধাৰ হৈয়ে আছে ড্ৰাগছ ।

ইয়াৰ মাজতে মৰাণ নগৰত দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত দুই সৰবৰাহকাৰী হৈছে মাকুম বাৰেকুৰিৰ জিতুল দাস (২৩) আৰু দিহিংমুখ মিৰিপথাৰৰ অংকুৰ গগৈ (২৪)। দুই ড্ৰাগছ সৰবৰাহকাৰী পৰা ২৩.৬২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু এটা মোবাইল হেণ্ডচেট জব্দ কৰিছে মৰাণ আৰক্ষীয়ে ৷ মৰাণ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত এখন ৰিক্সাত আহি থকা অৱস্থাত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে । জব্দ কৰা ড্ৰাগছখিনি ডিমাপুৰৰ কোনো স্থানৰ পৰা আনি থাকোতে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ৷

লগতে পঢ়ক :‘Francophone’ Shashi Tharoor conferred France’s top civilian honour : বিখ্যাত লেখক তথা সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান