Drugs Peddler Arrested : জামুগুৰিহাটত গাঞ্জাসহ আটক সৰবৰাহকাৰী

জামুগুৰিহাট, ১৮ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs Peddler Arrested) ।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটত অব্যাহত আছে আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান। শনিবাৰে নিশা এক গোপন সূত্ৰ পম খেদি জামুগুৰিহাটৰ চৰ অঞ্চলৰ চিৰুৱানী চাপৰি তিনিআলিত আৰক্ষীয়ে চলাই অভিযান ।
অভিযানত জামুগুৰিহাটৰ পৰা জব্দ ৩ কিলোগ্ৰাম গাঞ্জাসহ সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰীজনৰ নাম আচিফ হুছেইন বুলি জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে ধৃত আচিফ হুছেইনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি জে’ল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে পূৰ্বেও জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ চৰাঞ্চলৰ পৰা কেইবাজনো গাঞ্জা সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোত লৈ প্ৰেৰণ কৰিছিল ৷