Drugs peddler arrested: কেমেৰাৰ সন্মুখত হঠাৎ ঢলি পৰিল ড্ৰাগছ সৰবৰাহকাৰী
ৰঙিয়া,১৮ডিচেম্বৰ : ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়।
এইবাৰ কেমেৰাৰ সন্মুখত হঠাৎ ঢলি পৰিল ড্ৰাগছ সৰবৰাহকাৰী। এয়া অভিনয় নে অন্য কিবা(Drugs peddler arrested)।
এই দৃশ্য ৰঙিয়াৰ। সমগ্ৰ অসমতে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে ৰঙিয়াত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ।
ৰঙিয়াত এক অভিযানত আটক দুই সৰবৰাহকাৰীক ।আটকাধীন সৰবৰাহকাৰী দুজনৰ পৰা প্ৰায় ৮ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰাৰ লগে AS-28-D-3029নম্বৰৰ এখন স্কুটি জব্দ কৰে।
ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ পৰা আটক কৰিবলৈ সক্ষম হয় এই দুই ড্ৰাগছ সৰবৰাহকাৰীক।আটকাধীন দুই সৰবৰাহকাৰী কেইজন ক্ৰমে ৰাজা আহমেদ আৰু বিকি আলী বুলি জানিব পৰা গৈছে ।দুয়োৰে ঘৰ তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত।সম্প্ৰতি ৰঙিয়া থানাত অধিক তথ্যৰ বাবে জেৰা চলাই আছে দুই সৰবৰাহকাৰীক।