Drugs Peddler Arrested : গোৰেশ্বৰত গাঞ্জাসহ আটক সৰবৰাহকাৰী

গোৰেশ্বৰ, ৭মাৰ্চ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs Peddler Arrested) ।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ ।
একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোৰেশ্বৰতো চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । গোৰেশ্বৰত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰীক ।
বৃহস্পতিবাৰে গোৰেশ্বৰ আৰক্ষীৰ অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা সহ এজন । ধৃতলোকজন গোৰেশ্বৰৰ নাওকাটাৰ ৰমেশ ডেকা(৪২) বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত চলিছিল এই অভিযান ।অভিযানত আৰক্ষীয়ে ধৃত ৰমেশ ডেকা প্ৰায় ২০ কিঃগ্ৰাঃ গাঞ্জা জব্দ কৰে । উল্লেখ্য যে দীৰ্ঘদিনে নাওকাটা অঞ্চলত গোপনে গাঞ্জাৰ ব্যৱসাই চলাই আহিছিল ৰমেশ ডেকাই ।
বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় লোকজনক ।