Local, Vocal, Global

Yaba Tablets Seized in Silchar: শিলচৰত জব্দ বৃহৎ পৰিমাণৰ য়াবা টেবলেট

শিলচৰ, ২৫জুলাই : শিলচৰত আৰক্ষীৰ বৃহৎ‍ সফলতা। ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা (Drugs paddler arrested in Silchar)  ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশ( Yaba Tablets Seized in Silchar) ।

এইবাৰ শিলচৰত জব্দ বৃহৎ‍ পৰিমাণৰ নিচাজাতীয় টেবলেট। সোমবাৰে নিশাই শিলচৰ আৰক্ষীৰ বৃহৎ‍ অভিযান চলাই আৰু অভিযানত জব্দ কৰে কোটি টকাৰ নিচাজাতীয় সামগ্ৰীৰ।
জানিব পৰা মতে,মিজোৰামৰ পৰা শিলচৰ অভিমুখে গৈ আছিল বাহনখন। ৰামনগৰ বাইপাছত আৰক্ষীৰ চলিছিল অভিযান আৰু অভিযানত এখন বাহনৰ পৰা জব্দ হয় য়াবা টেবলেট।

উল্লেখ্য যে, STFৰ DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল অভিযান। অভিযান জব্দ কৰে ২.৫ কেজি হেৰ’ইনসহ ১ লাখ য়াবা টেবলেট । এই য়াবা টেবলেটৰ মূল্য প্রায় ৪৫ কোটি টকা বুলি জানিব পৰা গৈছে ।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা কেইজন ক্ৰমে,চাদাৰ উদ্দিন, মনোৱাৰ হুছেইন, আফচৰ বুলি চিনাক্ত কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Drugs paddler arrested: তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক