Local, Vocal, Global

Drugs peddler arrested: ৰঙিয়াত জব্দ বৃহৎ পৰিমাণৰ আফিং

ৰঙিয়া, ১৭অক্টোবৰ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা (Drugs peddler arrested in Rangia) )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে।

ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই (Drugs peddler arrested)।

এইবাৰ ৰঙিয়াত জব্দ বৃহৎ পৰিমাণৰ আফিং । আৰক্ষীয়ে চলোৱা নিৰবিচ্ছিন্ন অভিযানৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ জব্দ হৈ আছে নিচাজাতীয় সামগ্ৰীৰ।

আৰক্ষীয়ে নিশা ৰঙিয়াত চলাইছিল নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পটোৱাৰীৰ নেতৃত্বত নিশা ২৭নং ঘাইপথৰ ৰেলৱে অভাৰব্ৰিজৰ ওপৰত চলাই এই অভিযান ।

আৰক্ষীয়ে চলোৱা এই অভিযানত আটক কৰে আফিং সহ দুই সৰবৰাহকাৰী । আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৪ কেজি ৩৪ গ্ৰাম আফিং, দুটা মোবাইল আৰু নগদ ২লাখ টকা । আটক দুই সৰবৰাহকাৰী পাঞ্জাৱৰ লুধিয়ানাৰ জছবিন্দৰ সিং আৰু ডলজিৎ সিং বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, এখন মালবাহী ট্ৰাকত লৈ আহিছিল আফিং খিনি ।

লগতে পঢ়ক : Drugs seized in poll bound Mizoram : মিজোৰামত জব্দ ১২.১২ কোটি টকাৰ ড্ৰাগছ