Drugs paddler arrested: কৰিমগঞ্জ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
কৰিমগঞ্জ, ৩০জুলাই : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs paddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs paddler arrested in karimganj )।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
এইবাৰ কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা । আৰক্ষীয়ে চলোৱা নিৰবিচ্ছিন্ন অভিযানৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ নিচাজাতীয় সামগ্ৰীৰ। কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তত আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰোধী অভিযান। অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা । ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকৰ পৰা জব্দ কৰে এই গাঞ্জাখিনি । ত্ৰিপুৰাৰ পৰা গুৱাহাটীগামী NL01K 2677 নম্বৰৰ ট্ৰাক খনত লৈ গৈ আছিল জব্দকৃত গাঞ্জখিনি। আৰক্ষীয়ে গাঞ্জাৰ লগতে আটক কৰে বাহনখনৰ চালক সালেক উদ্দীনক(Drugs paddler arrested) ।
প্ৰাপ্ত তথ্য অনুসৰি, উদ্ধাৰ কৰা গাঞ্জাখিনি ৪১৯ কেজি আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৪২ লাখ টকা বুলি জানিব পৰা গৈছে । বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে।