Local, Vocal, Global

Drugs paddler arrested: গোৱালপাৰাত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

গোৱালপাৰা,৩আগষ্ট: ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs paddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs paddler arrested in Goalpara)।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ গোৱালপাৰাত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ বিভিন্ন এলেকাত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।

বৃহস্পতিবাৰে গোৱালপাৰাৰ শিমলীতোলা কামাৰপোতাত চলিল ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী জন মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰে ৪ টা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ আৰু ১১৪ টা খালি কন্টেইনাৰ। জব্দকৃত চাবোনৰ বাকচ কেইটাত ২০০ গ্ৰাম ওজনৰ ড্ৰাগছ পোৱা গৈছে আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ২ লক্ষাধিক হব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলে এই অভিযান। আৰক্ষীৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : Assam police shot cattle Theft : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা