Watch | Drugs paddeler arrested Barpeta: বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট সহ আৰক্ষীৰ জালত দুটা সৰবৰাহকাৰী

বৰপেটা: মঙ্গলবাৰে নিশা মাজদিয়া আৰক্ষীৰ অভিযানত নিচাযুক্ত টেবলেট সহ হাতেলতে আটক কৰি গ্ৰেপ্তাৰ কৰে দুটা সৰবৰাহকাৰীক।
সৰ্থেবাৰী আৰক্ষীৰ বিষয়াৰ উপস্হিতিত আৰু মাজদিয়া আৰক্ষীৰ সহযোগত ২১৬০ টা spasgen plus টেবলেট জব্দ কৰাৰ লগতে এখন মটৰ চাইকেল আৰু দুটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
ধৃত সৰবৰাহ কাৰী দুটা মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত দৰংগীপাৰা গাঁৱৰ দেৱব্ৰত হৰিজন আৰু দেৱজিত কলিতা বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক: Watch | Jamugurihat flood: বাঢ়নি পানীয়ে উটুৱাই নিলে ৰঙাপৰাৰ পথৰ এটি অংশ