কেমেৰা দেখি মাৰাথান দৌৰ ড্ৰাগছ সেৱনকাৰীৰ
ডিজিটেল ডেস্ক:- ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে কলগাঁচিয়। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব কলগাছিয়াৰ জিৰুবাৰী চেগুন গছৰ বাগিচাত চলি আছিল ড্ৰাগছ সেৱনৰ প্ৰতিযোগিতা। আজি তাৰে দীৰ্ঘদনীয়া স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত উপস্থিত হৈছিল সাংবাদিক।
ৰাইজৰ লগতে সাংবাদিকৰ কেমেৰা প্ৰত্যক্ষ কৰিয়েই ড্ৰাগছ সেৱনকাৰী সকলে যেনে-তেনে দৌৰি পলায়ন কৰে। পিছে আৰক্ষীকো যেন কেৰেপ নকৰে এইসকল ড্ৰাগছ সেৱনকাৰীয়ে। আৰক্ষীয়ে ড্ৰাগছ সেৱনকাৰী সকলৰ বিৰুদ্ধে সঘনাই অভিযান চলোৱাৰ পিছতো বন্ধ হোৱা নাই এই অবৈধ ড্ৰাগছ ব্যৱসায়। স্থানীয় ৰাইজৰ অভিযোগ নাবালক লৰায়ো আৰম্ভ কৰিছে ড্ৰাগছ সেৱন।
পিছমূহুৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ দুটা ড্ৰাগছৰ কণ্টেইনাৰ, ড্ৰাগছ সেৱন কৰা সামগ্ৰী, এটা টকাৰ বেগ, দুযোৰ চেণ্ডেল সহ আন আন সামগ্ৰী জব্দ কৰি কলগাছিয়া আৰক্ষী থানালৈ লৈ যায়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে প্ৰত্যেকদিনাই এই চেগুন গছৰ বাগিছাত উদণ্ড যুৱক সকলে ড্ৰাগছ সেৱন কৰিব আহে। সেয়ে আৰক্ষী প্ৰশাসনক এই অবৈধ ড্ৰাগছ সেৱনকাৰীক আটক কৰি এই ব্যৱসায় বন্ধ কৰাৰ বাবে দাবী জনাইছে স্থানীয় সচেতন ৰাইজে।