Local, Vocal, Global

Drugs hidden in snack packets seized in Bongaigaon : নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীৰ অভিযান;অভিযান জব্দ প্ৰায় ২০ কেজি গাঞ্জা

নিউজ ডেস্ক, ৪নৱেম্বৰ : চাবোনৰ বাকচত ড্ৰাগছ নহয়। ড্ৰাগছ ব্যৱসায়ীয়ে সলনি কৰিছে কৌশল । প্ৰায়ে আমি চাবোনৰ বাকচত ড্ৰাগছ অনা খবৰ পাই থাকো কিন্তু এইবাৰ চাবোনৰ বাকচত নহয় এইবাৰ বিস্কুট, নুডলছ আৰু চিপছৰ পেকেটত ওলাল গাঞ্জা(Drugs hidden in snack packets seized in Bongaigaon) ।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested) । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায় (Drugs peddler arrested in Bongaigaon )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই(Drugs hidden in snack packets seized in Bongaigaon, 3 women held) ।

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযান কালত ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত । আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা(Drugs hidden in snack packets seized in Bongaigaon) ।

এইবাৰ বিস্কুট, নুডলছ আৰু চিপছৰ পেকেটত ওলাল বুজন পৰিমাণৰ গাঞ্জা ৷ নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত অসম ৰেল আৰক্ষীৰ সফল অভিযান ৷

উল্লেখ্য যে,গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ১৪৬১৯ ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত আৰক্ষীয়ে অভিযান চলাই । অভিযান জব্দ কৰে প্ৰায় ২০ কেজি গাঞ্জা । জানিব পৰা মতে এই গাঞ্জাখিনি সৰবৰাহ কৰিছিল তিনিগৰাকীকৈ মহিলাই ৷ তেওঁলোকৰ লগত পাঁচটি শিশুও আছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, ত্ৰিপুৰাৰ আগৰতলাৰ পৰা এই গাঞ্জাখিনি বিহাৰলৈ লৈ যোৱাৰ সময়ত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত নিউ বঙাইগাঁও জি আৰ পিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত চলোৱা অভিযানত জব্দ কৰা হয় গাঞ্জাখিনি ৷ আটকাধীন মহিলা তিনিগৰাকীৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নিউ বঙাইগাঁও জি আৰ পিয়ে ।

লগতে পঢ়ক : Operation Against Fake Indian Currency Notes : কচুৱাত নকল টকাসহ টকা বনোৱা মেচিন জব্দ