drugs and peddler arrests in Lanka: লংকাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী
নিউজ ডেস্ক,৬মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ সোমবাৰে ৰাজ্যৰ দুঠাইৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী(drugs and peddler arrests in Lanka) ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ লংকাত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । সোমবাৰে নিশা লংকাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই । অভিযানত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এজনক।
জানিব পৰা মতে, লংকা আৰক্ষীয়ে ৰে’ল লাইনৰ সমীপত জব্দ কৰে ড্ৰাগছভৰ্তি ৪টা কণ্টেইনাৰ।লগতে ড্ৰাগছসহ আটক কৰে এজনক । আটক কৰা লোকজন বাপ্পন দাস ওৰফে হীৰা দাস । ঘৰ লংকাৰ ৬ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে । ইফালে আটক কৰা যুৱকজনে হোজাইৰ চিকাৰী গেইটৰ নুৰ আলী নামৰ এজন লোকৰ পৰা নিজে সেৱন কৰিবলৈ ড্ৰাগছ লৈছিল বুলি স্বীকাৰ কৰে।
বৰ্তমান লংকা আৰক্ষীৰ জিন্মাত আছে যুৱকজন। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Tragic Road Accident : তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে স্কুলীয়া ছাত্ৰক;নিহত এজন ছাত্ৰ,আহত দুজন