drugs and peddler arrests in Bokajan :বোকাজানত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক কৰে সৰবৰাহকাৰী

নিউজ ডেস্ক,১৮মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ (drugs and peddler arrests in Bokajan) ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বোকাজানত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । শনিবাৰে বোকাজানত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক কৰে সৰবৰাহকাৰী ।
জানিব পৰা মতে, শনিবাৰে ডিলাই আৰক্ষীৰ নাকা তালাচিত জব্দ কৰা হয় ৫৭০ গ্ৰাম হেৰ’ইন। ৫০টা প্লাষ্টিকৰ চাবোন বাকচত আনিছিল হেৰ’ইনখিন । জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য ১কোটি ১৫লাখ টকা বুলি জানিব পৰা গৈছে।
এ এছ ০১ আৰ টি ৮৮৩৯ নম্বৰৰ মাৰুটি ইক’ বাহনত গোপন চেম্বাৰ সাজি লুকুৱাই আনিছিল হেৰ’ইনখিনি। হেৰ’ইনসহ আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰীটো মণিপুৰৰ সেনাপতি জিলাৰ প্ৰিন্স মাও।